মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

আমাৰ ইতিহাস

  • ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল প্ৰাকৃতিক আৰু মানৱ সম্পদ দুয়োটাৰেই সমৃদ্ধ আৰু অসম হল প্ৰচুৰ পৰিমাণৰ প্ৰাকৃতিক আৰু জৈৱ সম্পদসমূহৰ সৈতে পৃথিৱীৰ ৩৪খন জৈৱ-বৈচিত্ৰ্যময় হট-স্পটৰ ভিতৰত অন্যতম এখন। আধুনিক প্ৰযুক্তিবিদ্যাৰ জৰিয়তে জৈৱ সম্পদসমূহৰ বাণিজ্যিকীকৰণ কৰি ৰাজ্যখনে বিস্ময়কৰ অৰ্থনৈতিক লাভালাভ পাবলৈ সক্ষম হব। এই কথা উপলব্ধ কৰি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী শ্ৰী তৰুণ গগৈদেৱে বিজঞানৰ সম্পূৰ্ণ সম্ভাৱনীয়তাৰ সদব্যৱহাৰৰ বাবে এখন ৰাজ্যিক জৈৱ প্ৰযুক্তিবিদ্যা আঁচনি আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে ইয়াৰ উপযোগৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিল আৰু অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগক জৈৱ-প্ৰযুক্তিবিদ্যাৰ বিপ্লৱত লক্ষণীয় ভূমিকা পালন কৰিবলৈ এক আঁচনি প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছিল। সেইমতে অসমৰ বাবে এখন ৰাজ্যিক জৈৱ-প্ৰযুক্তিবিদ্যা আঁচনিৰ খচৰা প্ৰস্তুত কৰা হৈছিল। ৰাজ্যিক জৈৱি-প্ৰযুক্তিবিদ্যা আঁচনিৰ লক্ষ্যসমূহ পূৰণ কৰিবলৈ, ২০০৮ চনত গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান স্থাপনৰ ধাৰণাটো গ্ৰহণ কৰা হৈছিল।

    গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান হল নিবনুৱাসকললৈ আত্ম-নিয়োজনৰ ব্যৱস্থা আৰু আংশিকভাৱে নিযুক্তসকললৈ অতিৰিক্ত কামৰ ব্যৱস্থাৰ মুখ্য উদ্দেশ্যসহ এক পঞ্জীয়নকৃত গোষ্ঠী। অঞ্চলটোত পৃথক ব্যৱসায়িক গোটসমূহ আৰম্ভ কৰিবলৈ উদ্যোগীৰ নতুন দলসমূহক উত্সাহিত কৰিবলৈ কিছুমান নিৰ্বাচিত ক্ষেত্ৰত কেন্দ্ৰীভূত তথা ব্যাপক দৃষ্টিভঙ্গীৰ জৰিয়তে অসমৰ অৰ্থনীতিক ই উদ্দীপিত কৰিব বিচাৰিছে। গৱেষণা আৰু উন্নয়ন প্ৰচেষ্টাৰ মুখ্য ক্ষেত্ৰসমূহৰ ভিতৰত তথ্য প্ৰযুক্তিবিদ্যা ভিত্তিক পথ্য উদ্ভাৱন, ভেষজ আৰু জনজাতীয় ঔষধ, উদ্ভিদৰ কলাকৰ্ষণ আৰু অণুজীৱৰ বংশ বৃদ্ধি, খাদ্য প্ৰক্ৰিয়াকৰণ, জৈৱ তথ্য বিজ্ঞান, জৈৱ ডিজেল, চাহ-জৈৱ-প্ৰযুক্তিবিদ্যা, শস্য বিজ্ঞান, ফুলৰ খেতি, উদ্যানবিদ্যা ইত্যাদি অন্তৰ্ভুক্ত।