মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

আমি কি কৰো

  • এয়া হল উত্তৰ পূব ভাৰতত এই ধৰণৰ প্ৰথম, ই গুৱাহাটী মহানগৰীত অৱস্থিত, যি হল উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্য সংযোগী মহানগৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু সমস্ত দেশখন তথা বিশ্বৰ মাজত সংযোগস্থল হিচাপে পৰিগণিত হৈ আহিছে। উত্পাদনৰ উন্নয়ন তথা নতুন পথৰ চিহ্নিতকৰণৰ বাবে প্ৰাকৃতিক বৈচিত্ৰ্যতা সমৃদ্ধ উত্তৰ পূৰ্বাঞ্চল অন্বেষণ কৰাৰ ই এক প্ৰবেশপথ হব পাৰে। ই জৈৱ-সম্পদসমূহৰ বজাৰলৈ উলিয়াই লৈ আনিছে।

    • লক্ষ্য
    • উদ্দেশ্য
    • অভিযান

    লক্ষ্যঃ

    বিনিয়োগৰ বাবে জৈৱ প্ৰযুক্তিবদ্যাগত দৃশ্যপট সমৃদ্ধ কৰিবলৈ, বিশ্বব্যাপ্ত বজাৰত ভাৰতীয় জৈৱ-প্ৰযুক্তিবিদ্যাক সমৰ্থন কৰিবলৈ আৰু বিশ্বব্যাপ্ত বুদ্ধিগত বৈশিষ্ট্যৰ সুবিধাসমূহৰ বাবে প্ৰতিৰক্ষামূলক লগতে উদ্ভাৱনী কৌশল তৈয়াৰ কৰিবলৈ, অন্য চৰকাৰী বিভাগ তথা সংস্থাসমূহৰ সৈতে সংযোজিত কৰি উদ্ভাৱনী আঁচনিসমূহৰ বিকাশ ঘটোৱা হব আৰু ৰূপায়িত কৰা হব। এই পৰ্যায়ত প্ৰণালীবদ্ধ সংযুক্তিৰ ভিতৰত পৰীক্ষামূলক উত্পাদন আৰু প্ৰশিক্ষণ গোট, জৈৱ প্ৰযুক্তি উদ্যোগৰ সৈতে হ্ৰস্ব তথা দীৰ্ঘম্যাদী অংশীদাৰিত্ব আৰু সামাজিকভাৱে প্ৰয়োজনীয় সম্পদসমূহত ৰাজহুৱা বিনিয়োগৰ সমন্বয় সাধন অন্তৰ্ভুক্ত। আমাৰ লক্ষ্য হল এই ক্ষেত্ৰত শ্ৰেষ্ঠত্ব, সহজাত আত্ম-নিৰ্ভৰশীলতা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগী মনোভাৱৰ প্ৰাপ্তি।

    “উত্তৰ-পূব ভাৰতত তীক্ষ্ণভাৱে পৰিচালিত, ব্যৱসায় চালিত গৱেষণা আৰু সম্পদৰ উন্নয়নৰ বাবে এটা বিশ্বমানৰ কেন্দ্ৰ স্থাপন কৰা”।

    উদ্দেশ্যঃ

    এই উদ্যানখনক বিশ্বমানলৈ উন্নীত কৰিবলৈ আৰু ইয়াক কাৰখানা আৰু গৱেষণা গোট স্থাপন কৰিবলৈ বাঞ্ছা কৰা ঘৰুৱা তথা বহুজাতিক কোম্পানীসমূহৰ বাবে আকৰ্ষণীয় গন্তব্যস্থান হিচাপে নিৰ্মাণ কৰিবলৈ আমি উত্সৰ্গিকৃত।

    অভিযানঃ

    উদ্যানখনৰ উদ্দেশ্য হল জ্ঞান-ভিত্তিক জৈৱপ্ৰযুক্তি উদ্যোগৰ বাবে প্ৰায়োগিক উদ্ভাৱনৰ সংযোগস্থল হৈ পৰা আৰু উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু শিক্ষায়তন পৰিবেশৰ মাজত বহনক্ষম সংযোগ প্ৰদান কৰিবলৈ তলত দিয়াসমূহৰ দ্বাৰা অঞ্চলটোৰ ব্যৱসায়িক আকৰ্ষণীয়তা আৰু প্ৰতিযোগিতা বৃদ্ধি কৰা-

    • ব্যৱসায়িক উন্নয়নক সমৰ্থন দিয়া
    • বৈশিষ্ট্যসমূহক জ্ঞান আৰু কৌশলৰ সৈতে উদ্ভাৱনীমূলক সম্পদ, প্ৰক্ৰিয়া আৰু পদ্ধতিৰ বিস্তাৰ কৰা।

    গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যানৰ উদ্দেশ্য আৰু কাৰ্যাৱলীসমূহ হল-

    • • জৈৱ-প্ৰযুক্তিবিদ্যাৰ বহুমুখী ক্ষেত্ৰসমূহত, উদ্ভাৱনচালিত, উচ্চ বিকাশসম্পন্ন জ্ঞানভিত্তিক ব্যৱসায়ৰ আৰম্ভণি, উষ্মায়ন আৰু বিকাশক উত্সাহিত কৰা আৰ সমৰ্থন দিয়া।
    • উদ্যানখনত জৈৱ প্ৰযুক্তিবিদ্যাগত, ৰাসায়নিক আৰু জৈৱিক উদ্যোগসমূহ স্থাপনৰ বাবে শেহতীয়া আন্তঃগাঁথনিৰ সুবিধা আৰু একক বাতায়নৰ সেৱাসমূহ প্ৰদান কৰা।
    • জৈৱ-প্ৰযুক্তিবিদ্যাগত, ৰাসায়নিক আৰু জৈৱিক উদ্যোগসমূহৰ বৃদ্ধিৰ বাবে চালিকাশক্তি হিচাপে কাম কৰা আৰু উদ্যোগৰ উন্নয়ন প্ৰক্ৰিয়াত সহায়কাৰী তথা অনুঘটক হিচাপে কাম কৰা।
    • ৰাষ্ট্ৰীয় গৱেষণা আৰু উন্নয়ন গৱেষণাগাৰ, বিশ্ববিদ্যালয়সমূহ, চিকিত্সা প্ৰতিষ্ঠান আৰু ভাৰত তথা বিদেশৰ গৱেষণা প্ৰতিষ্ঠানসমূহৰ দৰে জ্ঞান সৃষ্টি কেন্দ্ৰসমূহৰ সৈতে আনুষ্ঠানিক আৰু প্ৰয়োগগত সংযোগ প্ৰদান কৰা আৰু এক শক্তিশালী নেটৱৰ্ক সৃষ্টি কৰা।
    • জৈৱ-প্ৰযুক্তিবদ্যাগত ঔদ্যোগিক প্ৰচেষ্টাসমূহৰ স্থাপন উন্নীত কৰা, গৱেষণা সংস্থা আৰু স্বাস্থ্য উদ্যোগৰ সৈতে সংযোগ স্থাপন কৰা।