মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

জি.বি.পি.ৰ সৈতে জড়িত হবলৈ আবেদন কৰক

যদিহে আপুনি এজন বিজ্ঞানী/উদ্যোগী আৰু আপোনাৰ মহান বাণিজ্যিকীকৰণযোগ্য ধাৰণা আছে, যাক পৰৱৰ্ত্তী গৱেষণা আৰু উন্নয়নৰ প্ৰয়োজন, অনুগ্ৰহ কৰি আমালৈ প্ৰস্তাৱ পঠিয়াওক। প্ৰস্তাৱসমূহ, সেইসমূহৰ উদ্ভাৱনী যোগ্যতা, বহনক্ষমতা আৰু উত্পাদন/সেৱা বিধৰ বজাৰৰ যোগ্যতাৰ ওপৰত ভিত্তি কৰ নিৰ্বাচন কৰা হব।

ইচ্ছুক বিজ্ঞানী/উদ্যোগীসকলে তলত উল্লিখিত দিশসমূহ সামৰি এক চমু তথ্য প্ৰদান কৰিব লাগিব-

  • প্ৰয়োজনীয় ঠাই, ভাড়াৰ সময় আৰু বৃত্তিৰ বাবে সম্ভাৱ্য সময় গাঁঠনি
  • বিস্তীৰ্ণ ব্যৱসায়িক পৰিকল্পনা (প্ৰয়োজনীয় সা-সঁজুলিসমূহক অন্তৰ্ভুক্ত কৰি)
  • প্ৰৱৰ্ত্তক প্ৰতিষ্ঠান/কোম্পানীসমূহৰ বাৰ্ষিক প্ৰতিবেদন/হিচাপ-নিকাচ পত্ৰ ইত্যাদিকে ধৰি কাৰ্যকলাপ আৰু ক্ৰিয়াশীলতাৰ চমু বৰ্ণনা।
  • তহবিল গঠনৰ উপায়
  • গৱেষণা আৰু উন্নয়ন কেন্দ্ৰত নিয়োজিত হবলগীয়া সম্ভাৱ্য কৰ্মচাৰীৰ সংখ্যা
  • স্থাপিত হবলগীয়া প্ৰধান গৱেষণা আৰু উন্নয়নৰ সুবিধাসমূহ
  • সম্ভাৱ্যভাৱে নিঃসৃত হবলগীয়া পদাৰ্থসমূহ, তাৰ পৰিমাণ আৰু গুণাগুণ হিচাপে সেইসমূহ পৰিচালনা, জৈৱ শংকা, জিন নিয়ন্ত্ৰণৰ সুবিধাসমূহ (যদিহে প্ৰাসঙ্গিক), আইনৰ প্ৰতিপালনৰ নিয়ম অনুসৰি বিশেষকৈ ৰাজ্যিক নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ নিয়ম অনুসৰি প্ৰতিশ্ৰুতিবদ্ধ হব লাগিব।

আপোনাৰ প্ৰস্তাৱ, প্ৰস্তাৱৰ বাবে অনুৰোধ পত্ৰ বিন্যাসত, যিখন নিৰ্বাচনী প্ৰণালী জাৰি কৰা হৈছে, অনুগ্ৰহ কৰি দাখিল কৰক (সবিশেষ জানিবলৈ ব্যৱসায়/অংশীদাৰ উপৰিভাগত অনুসন্ধান কৰক)।প্ৰস্তাৱসমূহ তলত দিয়া ঠিকনাত দাখিল কৰিব-

মুখ্য কাৰ্যবাহী বিষয়া
গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান
প্ৰযুক্তিবিদ্যা কমপ্লেক্স, আই.আই.টি., গুৱাহাটী
গুৱাহাটী- ৭৮১০৩৯
ফোন নং – ০৩৬১-২৬৯০২২৪/৯
ফেক্স – ০৩৬১-২৬৯০২২৭
ই-মেইল-info2gbp@guwahatibiotechpark.com

উদ্যানখনে ইয়াৰ গ্ৰাহকসকলক/মক্কেলসকলক তেওঁলোকে যোগান ধৰা তথ্য আৰু সামগ্ৰী সন্দৰ্ভত আৰু তেওঁলোকৰ হৈ চলি থকা ঠিকাভিত্তিক কাৰ্যৰ ফলাফল সন্দৰ্ভত গোপনীয়তা সুনিশ্চিত কৰিব আৰু নিৰাপত্তাৰ নিশ্চিতি দিব।