এয়া হল উত্তৰ পূব ভাৰতত এই ধৰণৰ প্ৰথম, ই গুৱাহাটী মহানগৰীত অৱস্থিত, যি হল উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্য সংযোগী মহানগৰ লগতে উত্তৰ পূৰ্বাঞ্চল আৰু সমস্ত দেশখন তথা বিশ্বৰ মাজত সংযোগস্থল হিচাপে পৰিগণিত হৈ আহিছে। উত্পাদনৰ উন্নয়ন তথা নতুন পথৰ চিহ্নিতকৰণৰ বাবে প্ৰাকৃতিক বৈচিত্ৰ্যতা সমৃদ্ধ উত্তৰ পূৰ্বাঞ্চল অন্বেষণ কৰাৰ ই এক প্ৰবেশপথ হব পাৰে। ই জৈৱ-সম্পদসমূহৰ বজাৰলৈ উলিয়াই লৈ আনিছে।
লক্ষ্যঃ
বিনিয়োগৰ বাবে জৈৱ প্ৰযুক্তিবদ্যাগত দৃশ্যপট সমৃদ্ধ কৰিবলৈ, বিশ্বব্যাপ্ত বজাৰত ভাৰতীয় জৈৱ-প্ৰযুক্তিবিদ্যাক সমৰ্থন কৰিবলৈ আৰু বিশ্বব্যাপ্ত বুদ্ধিগত বৈশিষ্ট্যৰ সুবিধাসমূহৰ বাবে প্ৰতিৰক্ষামূলক লগতে উদ্ভাৱনী কৌশল তৈয়াৰ কৰিবলৈ, অন্য চৰকাৰী বিভাগ তথা সংস্থাসমূহৰ সৈতে সংযোজিত কৰি উদ্ভাৱনী আঁচনিসমূহৰ বিকাশ ঘটোৱা হব আৰু ৰূপায়িত কৰা হব। এই পৰ্যায়ত প্ৰণালীবদ্ধ সংযুক্তিৰ ভিতৰত পৰীক্ষামূলক উত্পাদন আৰু প্ৰশিক্ষণ গোট, জৈৱ প্ৰযুক্তি উদ্যোগৰ সৈতে হ্ৰস্ব তথা দীৰ্ঘম্যাদী অংশীদাৰিত্ব আৰু সামাজিকভাৱে প্ৰয়োজনীয় সম্পদসমূহত ৰাজহুৱা বিনিয়োগৰ সমন্বয় সাধন অন্তৰ্ভুক্ত। আমাৰ লক্ষ্য হল এই ক্ষেত্ৰত শ্ৰেষ্ঠত্ব, সহজাত আত্ম-নিৰ্ভৰশীলতা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগী মনোভাৱৰ প্ৰাপ্তি।
“উত্তৰ-পূব ভাৰতত তীক্ষ্ণভাৱে পৰিচালিত, ব্যৱসায় চালিত গৱেষণা আৰু সম্পদৰ উন্নয়নৰ বাবে এটা বিশ্বমানৰ কেন্দ্ৰ স্থাপন কৰা”।
উদ্দেশ্যঃ
এই উদ্যানখনক বিশ্বমানলৈ উন্নীত কৰিবলৈ আৰু ইয়াক কাৰখানা আৰু গৱেষণা গোট স্থাপন কৰিবলৈ বাঞ্ছা কৰা ঘৰুৱা তথা বহুজাতিক কোম্পানীসমূহৰ বাবে আকৰ্ষণীয় গন্তব্যস্থান হিচাপে নিৰ্মাণ কৰিবলৈ আমি উত্সৰ্গিকৃত।
অভিযানঃ
উদ্যানখনৰ উদ্দেশ্য হল জ্ঞান-ভিত্তিক জৈৱপ্ৰযুক্তি উদ্যোগৰ বাবে প্ৰায়োগিক উদ্ভাৱনৰ সংযোগস্থল হৈ পৰা আৰু উদ্যোগ, গৱেষণা প্ৰতিষ্ঠান আৰু শিক্ষায়তন পৰিবেশৰ মাজত বহনক্ষম সংযোগ প্ৰদান কৰিবলৈ তলত দিয়াসমূহৰ দ্বাৰা অঞ্চলটোৰ ব্যৱসায়িক আকৰ্ষণীয়তা আৰু প্ৰতিযোগিতা বৃদ্ধি কৰা-
গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যানৰ উদ্দেশ্য আৰু কাৰ্যাৱলীসমূহ হল-