মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান উষ্মায়ন কেন্দ্ৰ(উষ্মায়ন কেন্দ্ৰ)

 

উত্তৰ পূৰ্বাঞ্চলৰ সৰ্বপ্ৰথম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উদ্যান গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যানৰগুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যান উষ্মায়ন কেন্দ্ৰ হল সৰ্বপ্ৰথম মাইলৰ খুঁটিৰ উষ্মায়ক। নিজা ব্যৱসায়িক আঁচনি সৃষ্টি কৰাৰ প্ৰতি আগ্ৰহী ভৱিষ্যতৰ উদ্যোগীসকলক ই আদৰণি জনায় আৰু এক উদ্ভাৱনী চিন্তাধাৰাক সফল উদ্যোগলৈ ৰূপান্তৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকক সহযোগিতা আগবঢ়ায়।

উষ্মায়ন কেন্দ্ৰটো জৈৱ-প্ৰযুক্তি উদ্যানৰ সজ্জ্বাস্বৰূপ হব। উদ্যানখনৰ নিৰ্মিত উষ্মায়নগাৰে তৈয়াৰ হৈ তকা স্থানৰ ব্যৱস্থা কৰি উঠি অহা উদ্যোগীসকলক প্ৰতিপালন কৰিব। উদ্যোগীসকলক আগতীয়া বিনিয়োগৰ বোজাৰ পৰা মুক্তি দিয়া হব। উষ্মায়কসকলে তেওঁলোকৰ ব্যৱসায়িক পৰিকল্পনাৰ পৰীক্ষামূলক পৰ্যায়ত প্ৰধান সুবিধাসমূহ ব্যৱহাৰ কৰিবলৈ আৰু তেওঁলোকৰ বৈজ্ঞানিক ধাৰণাসমূহ প্ৰতিপন্ন কৰিবলৈ সক্ষম হব। ধাৰণাসমূহৰ প্ৰতিপন্নকৰণৰ পাছত এই উষ্মায়কসকলে চাকৰিৰ সৃষ্টি কৰিব, আশ-পাশ পুনৰুজ্জ্বীৱিত কৰিব আৰু আৱশ্যকীয় নতুন প্ৰযুক্তিবিদ্যাসমূহৰ লক্ষ্য হৈছে উত্তৰ-পূব ভাৰতত নতুন ব্যৱসায়িক আৰু নিয়োগৰ সুবিধাসমূহ সৃষ্টি কৰা আৰু উন্নীত কৰা।

উষ্মায়কৰ সংজ্ঞা হল স্থলিতে ব্যৱস্থাপনা, যিয়ে ব্যৱসায়ৰ উন্নত কৰিব আৰু এটা কোম্পানীৰ প্ৰযোজনৰা সৈতে অভিযোজিত কৰি ক্ৰয়-বিক্ৰয় তথা ব্যৱস্থাপনাৰ সম্পদসমূহ সুস্থভাৱে সমন্বিত কৰি ৰাখিব। উদ্যানখনে নমনীয় লীজত উন্নতি সাধ্য ভাড়াৰ স্থান, অংশীদাৰীভিত্তিক প্ৰাথমিক কাৰ্যালয় সেৱাসমূহ, প্ৰযুক্তি সমৰ্থন সেৱাসমূহ আৰু কোম্পানীৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় বিত্ত প্ৰাপ্তিৰ সাহায্যৰ ব্যৱস্থা কৰি উষমায়কসকলক তেওঁলোকৰ কাম-কাজ সম্প্ৰসাৰিত কৰিবলৈও সুযোগ প্ৰদান কৰিব।

গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যান উষ্মায়ন কেন্দ্ৰৰ লক্ষ্য হৈছে-

  • বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত এক নতুন অনুষঙ্গ সৃষ্টিৰ জৰিয়তে বিশ্ববিদ্যালয়ৰগৱেষক তথা গৱেষণা পৰিষদসমূহে তেওঁলোকৰ নিজা গৱেষণাৰ ফলাফলসমূহ উন্নত কৰাৰ প্ৰতি আগ্ৰহী।
  • যুৱ বৃত্তিধাৰীসকলে এক উদ্ভাৱনীমূলক ব্যৱসায়িক ধাৰণা সৃষ্টি কৰাৰ প্ৰতি আগ্ৰহী।
  • উদ্যোগীসকলে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত এটা নতুন কোম্পানী স্থাপন কৰাৰ লক্ষ্যৰে তেওঁলোকৰ নিজা কাৰ্যকলাপসমূহ বহুমুখীকৰণ কৰাৰ প্ৰতি আগ্ৰহী।