মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

জি.বি.পি.ৰ সুবিধাসমূহ

সুবিধাৰ আন্তঃগাঁঠনি

গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যান উষ্মায়ন কেন্দ্ৰই কোম্পানীসমূহক ভৱন আৰু সা-সৰঞ্জামত বৃহত্ বিনিয়োগক শংকিত নকৰাকৈ, তেওঁলোকৰ গৱেষণাৰ ধাৰণাসমূহক বাণিজ্যিকীকৰণ যোগ্য প্ৰযুক্তিবিদ্যালৈ ৰূপান্তৰিত কৰাৰ বাবে সু-সজ্জ্বিত পৰীক্ষাগাৰৰ সুবিধা আগবঢ়ায়।

উষ্মায়ন কেন্দ্ৰৰ বাবে তলত দিয়াসমূহক মূল ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে-

-কেন্দ্ৰীয় বিশ্লেষণাত্মক যন্ত্ৰানুসংগিক সুবিধা (দৰ তালিকা/চাহিদা পত্ৰ)-জীৱাণু সন্ধানৰ সুবিধা (দৰ তালিকা/চাহিদা পত্ৰ)-জীৱাণুৰ বংশবৃদ্ধিৰ সুবিধা (দৰ তালিকা/চাহিদা পত্ৰ)-ভেষজ নিষ্কাষণ সুবিধা (দৰ তালিকা/চাহিদা পত্ৰ)-গজনৰ সুবিধা (দৰ তালিকা/চাহিদা পত্ৰ)-উপযোগিতাধীন আন কিছুমান সা-সঁজুলিও উপলব্ধ (দৰ তালিকা/চাহিদা পত্ৰ)।

এই উদ্যানখনে জৈৱ প্ৰযুক্তিবিদ্যা, ৰসায়ন বিজ্ঞান, ঔষধ প্ৰস্তুতি ক্ষেত্ৰ, জৈৱ তথ্য বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ সমৰ্থন সেৱাৰ বিভিন্ন শিতানৰ পৰা আন্তঃগাঁঠনিমূলক সুবিধাসমূহ একত্ৰিত কৰিব আৰু তলত দিয়াসমূহ তাত অন্তৰ্ভুক্ত হব-

-প্ৰায় ২০,০০০ বৰ্গফুটৰ গৱেষণাগাৰ – ব্যৱহাৰ সাজু মডিউলাৰ জুলীয়া পৰীক্ষাগাৰ, সম্পূৰ্ণভাৱে সজ্জ্বিত আৰু প্ৰাথমিক সুবিধাসমৃদ্ধ (মডিউলাৰ পৰীক্ষাগাৰ) – প্ৰয়োজন অনুসৰি নিৰ্মিত গৱেষণা কেন্দ্ৰ পৰীক্ষামূলক কুঠী ইত্যাদি সৃষ্টিৰ বাবে উন্নত সুবিধা – ব্যৱসায়িক আৰু প্ৰশাসনীয় সমৰ্থন – সভা আৰু প্ৰশিক্ষণ কৰ্মশালাৰ সমৰ্থন (সভা কক্ষ) (সভা কক্ষ ব্যৱহাৰৰ বাবে মূল্য) – পুথিভঁৰাল আৰু তথ্য ব্যৱস্থাপনা – শেহতীয়া আন্তঃৰাষ্ট্ৰীয় কাকত আলোচনীত পুথিভঁৰালত গ্ৰাহকভুক্তি।

গুৱাহাটী জৈৱ-প্ৰযুক্তি উদ্যান উষ্মায়ন কেন্দ্ৰৰ দ্বাৰা সমৰ্থিত হবলগীয়া প্ৰত্যাশিত নিবাসীসকলৰ বাবে কাৰ্যসমূহৰ ভিতৰত-:

-গৱেষণা, উত্পাদন বিকাশ, প্ৰাথমিক নুমনাৰ পৰীক্ষণ আৰু পৰামৰ্শ প্ৰদান, কাৰ্যালয়সমূহৰ সৈতে এই কাম-কাজসমূহ সমৰ্থন কৰা গৱেষণাগাৰ আৰু অন্যান্য সুবিধাসমূহ, -অইন ঠাইত অৱস্থিত উত্পাদন ব্যৱস্থাৰ পৰীক্ষণ বা স্থলীতে গৱেষণা আৰু উন্নয়নমূলক কাম-কাজৰ সৈতে সম্পৰ্কিত পৰীক্ষামূলক সুবিধাসমূহ আৰু প্ৰাথমিক পৰীক্ষণৰ নমুনাৰ সমাবেশ বা উত্পাদন; আৰু গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যানৰ অন্তৰ্গত গৱেষণা অনুষ্ঠানসমূহক সমৰ্থন কৰা গৱেষণা সম্পৰ্কীয় সেৱাসমূহৰ ব্যৱস্থা।

উদ্যোগীসকলৰ প্ৰয়োজনসমূহ পূৰণ কৰিবৰ বাবে এটা অতি উচ্চ গুণসম্পন্ন বিশ্লেষণাত্মক পৰীক্ষণ আৰু মানপত্ৰ প্ৰদান গৱেষণাগাৰ প্ৰতিষ্ঠা কৰি থকা হৈছে। কেন্দ্ৰীয় বিশ্লেষণাত্মক সা-সৰঞ্জামৰ সুবিধা, উদ্যানৰ বাহিৰে-ভিতৰে থকা ব্যৱহাৰকাৰীসকললৈ নমুনাৰ বিশ্লেষণ আৰু প্ৰশিক্ষণৰ সুবিধা আগবঢ়াবলৈ গুৱাহাটী জৈৱ প্ৰযুক্তিবিদ্যা উদ্যান সমাজৰ দ্বাৰা পৰিচালনা কৰা হব।