মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science and Technology Department গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

কেন্দ্ৰীয় ক্ষেত্ৰসমূহ

কৃষি প্ৰযুক্তিবিদ্যা

উত্তৰ-পূব ভাৰতৰ বিভিন্ন প্ৰাকৃতিক সম্পদসমূহ এতিয়াও স্থানীয় সম্প্ৰদায়সমূহৰ হাতত অৱৰুদ্ধ হৈ আছে আৰু সমাজৰ কল্যাণৰ বাবে তথা এই অংশত নিয়োগৰ পৰিসৰ বৃদ্ধিৰ কৰিবলৈ এইসমূহ সদব্যৱহাৰ কৰা আৰু অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়োজন আছে।

জৈৱ প্ৰযুক্তি উদ্যানখনে, গুণগত বৃক্ষৰোপণৰ উপাদানসমূহৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ, অণুজীৱসমূহৰ বংশবৃদ্ধি প্ৰযুক্তিবিদ্যাৰ সম্প্ৰসাৰণৰ দৰে কৃষি-জৈৱিক ক্ষেত্ৰসমূহত সম্ভাৱ্য সৰ্বাধিক দূৰত্বলৈ সাধাৰণ মানুহৰ বৃহত্ অংশগ্ৰহণৰ শুভাৰম্ভ কৰিব বিচাৰিছে।

আমাৰ শস্যসমূহৰ উত্পাদনশীলতা বৃদ্ধি কৰা, পৰিপুষ্টিজনিত গুণ সংযোজিত কৰা আৰু কীট প্ৰতিৰোধ কৰা।

ৰাসায়নিক দ্ৰৱ্যৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰু শস্যৰ বৈচিত্ৰ্যতা আনিবলৈ জৈৱ-কৃষিৰ প্ৰচাৰ কৰা।বহনক্ষম উন্নয়নৰ বাবে সেউজ বিপ্লৱৰ প্ৰচাৰ কৰা।