মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ Science, Technology and Climate Change গুৱাহাটী জৈৱ প্ৰযুক্তি উদ্যান

কেন্দ্ৰীয় ক্ষেত্ৰসমূহ

স্বাস্থ্য যতন আৰু ভৈষজ্য

জৈৱ প্ৰযুক্তি উদ্যানখনে ইয়াৰ সুবিধাসমূহৰ জৰিয়তে দেশৰ এই প্ৰান্তত বসবাস কৰা লোকসকলৰ সৰ্বাধিক লাভালাভৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদসমূহ অন্বেষণৰ ওপৰত গুৰুত্ব আৰোপ কৰি, উত্তৰ-পূব ভাৰতৰ স্বাস্থ্যযতন আৰু ভৈষাজ্য ক্ষেত্ৰসমূহ উন্নত কৰিব বিচাৰিছে। জৈৱ প্ৰযুক্তি উদ্যানৰ মুখ্য অভিকেন্দ্ৰ হৈছে-

বৈজ্ঞানিক সত্যাসত্য প্ৰতিপন্নতা আৰু প্ৰায়োগিক উত্পাদন পৰিবেশন তথা ভোগ সম্বন্ধীয় তথ্য ভঁৰালৰ সৈতে পৰম্পৰাগত জ্ঞানৰ সমন্বয় সাধন কৰাৰ দ্বাৰা ৰাজ্যখনৰ সুখ্যাত আয়ুৰ্বেদ স্বাস্থ্যবিধিৰ উন্নতি সাধন কৰা।

গুৰুত্বপূৰ্ণ শক্তিশালী ভেষজ অণুসমূহৰ চিহ্নিতকৰণৰ বাবে পৃথিৱীৰ আটাইতকৈ মূল্যৱান জৈৱ-বৈচিত্ৰ্যময় সম্পদ – ৰাজ্যখনৰ ঔষধী উদ্ভিদসমূহৰ উত্পাদন, সংৰক্ষণ আৰু এইসমূহৰ বহনক্ষম ব্যৱহাৰ বিৱৰ্দ্ধিত কৰা।

বৈজ্ঞানিক সত্যতা প্ৰতিপন্নতাৰ দ্বাৰা ঔষধ তথা মানৱ কল্যাণৰ অন্যান্য ক্ষেত্ৰসমূহত পৰম্পৰাগত জনজাতীয় আৰু জাতিগত জ্ঞান উন্নত কৰা আৰু বুদ্ধিগত বৈশিষ্ট্যৰ সুবিধাসমূহ প্ৰদান কৰা। ভেষজ ঔষধ আৰু উত্পাদনসমূহ মানদণ্ড উন্নত কৰা আৰু গুণাগুণ নিয়ন্ত্ৰণ কৰা।

ঔষধী উদ্ভিদ নিষ্কাশনৰ নতুন কৌশল উদ্ভাৱন আৰু অধ্যয়ন আৰু বিভিন্ন লক্ষ্য হিচাপে লোৱা জীৱাণু পৰীক্ষণ কৰিবলৈ গৱেষণা আৰু উন্নয়ন কেন্দ্ৰ স্থাপন কৰা।

বিভিন্ন লক্ষ্যৰ স্থলজ, অণুজীৱিয় আৰু মৌলিকভাৱে সামুদ্ৰিক প্ৰাকৃতিক উত্পাদনসমূহৰ পৰা নতুন ৰাসায়নিক সত্ত্বাৰ আৱিস্কাৰৰ উন্নীত কৰা আৰু প্ৰাকৃতিক সম্পদসমূহৰ সৃষ্টিৰ সৈতে জৈৱিকভাৱে সক্ৰিয় যৌগসমূহৰ অৰ্দ্ধ-সংশ্লেষণ আৰু সংশ্লেষণৰ লগতে টেষ্টটিউবত পৰীক্ষা কৰা।